September 26, 2025 1:38 PM

printer

ৰাষ্ট্ৰীয় হাইড্ৰ’জেন অভিযানৰ জৰিয়তে শূন্য কার্বন নির্গমনৰ লক্ষ্য প্রাপ্তি কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি সর্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, যে ৰাষ্ট্ৰীয় হাইড্ৰজেন অভিযানৰ জৰিয়তে শূন্য কার্বন নির্গমনৰ লক্ষ্য প্রাপ্তি কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয়, যে এই অভিযানৰ অধীনত সেউজ শক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। সেউজ পৰিবহন আৰু বহনক্ষম বন্দৰ কাৰ্যৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধীকৰণত কেইবাখনো বৈদ্যুতিক ট্রাক মুকলি কৰে। তেওঁ কয়, যে চৰকাৰে ভাৰতক বিশ্বৰ শীৰ্ষ জাহাজ নিৰ্মাণকাৰী ৰাষ্ট্ৰসমূহৰ মাজৰ এখন হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সামুদ্ৰিক ভাৰত দৰ্শন ২০৩০ আৰু সামুদ্রিক অমৃতকাল দর্শন ২০৪৭ৰ ক্ষেত্ৰত কাম কৰি আছে৷ তেওঁ লগতে কয়, যে ২০৩০ চনৰ ভিতৰত ভাৰত ১০ খন শীৰ্ষ জাহাজ নির্মাণকাৰী ৰাষ্ট্ৰৰ মাজত স্থান লাভ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত এই স্থান শীৰ্ষ পাঁচলৈ উন্নীত হব। শ্ৰী সোণোৱালে কয়, যে বিগত  ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উল্লেখনীয় বিকাশ হৈছে আৰু সামুদ্ৰিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।