December 20, 2025 6:57 PM | saras mela

printer

তিনিচুকীয়াত কাইলৈৰ পৰা অসমী চৰচ মেলা

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চৰচ মেলা কাইলৈৰ পৰা ৩০ ডিচেম্বৰলৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হ’ব। চৰচ মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ হস্তশিল্প, মৃৎ শিল্প, কাঠ শিল্প সামগ্রীকে ধৰি খাদী, টেৰাকোটা সামগ্ৰীৰ ২৫ খন বিশেষ বিপণী থাকিব। তদুপৰি অসমৰ মুগা শিল্প, জি আই টেগযুক্ত পানীমেটেকাৰ সামগ্ৰী, বাঁহ-বেতৰ সামগ্ৰী, মুখাশিল্প, থলুৱা খাদ্য আৰু অন্যান্য হস্তনির্মিত সামগ্ৰীৰ বিপণী থাকিব। মেলাৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্য আৰু ৰন্ধন প্রতিযোগিতা, সংগীত, নৃত্য-চিত্রাংকন প্রতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।