জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কালি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহ হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। ৰাজ্যৰ কেইবাটাও স্থানতো গুৰুজনাৰ আবিৰ্ভাব মহোৎসৱ কেইবাদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। বৰপেটা সত্ৰত আজি দ্বিতীয় দিনাও ভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ আবির্ভাব তিথি উদযাপন কৰা হৈছে। কালিৰ দিনটোতো বৰপেটা সত্ৰত দিনজোৰা কাৰ্যসূচীৰে আবির্ভাব মহোৎসৱ পালন কৰা হয়। ধেমাজি জিলাতো কালি বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেঁচুখনা নামঘৰত আয়োজিত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ কেঁচুখনা আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশনত অংশ লয়।
সত্ৰপীঠ মাজুলীত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধর্মালোচনী সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী পালন কৰা হয়। নৱৰ্তনপুৰ নামঘৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ আয়োজন কৰা হৈছে।
কামৰূপ জিলাৰ শুৱালকুছিত বৰ্ণাঢ্য কাৰ্যসূচীৰে কালি গুৰুজনাৰ ৫৭৭ সংখ্যক জয়ন্তী উৎসৱ পালন কৰা হয়। ঊষা কীৰ্তনৰ পাছত আইসকলৰ নাম প্ৰসংগ, মহাপুৰুষীয়া ধৰ্মালোচনা সভা আৰু ধৰ্মধবজা উত্তোলন কৰি জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। আজি আইসকলৰ হৰিনাম সমদলৰ পাছত বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি আয়োজকৰ সূত্ৰই প্ৰকাশ কৰিছে।