যোৰহাটত কাইলৈৰ পৰা হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি যোৰহাট জিলা শাখাৰ আতিথ্যত বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগিতাত আয়োজন কৰা এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলে অংশগ্রহণ কৰিব।
Site Admin | February 5, 2025 10:49 AM | sankar sangha meeting jorhat
যোৰহাটত কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন
