শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী থকা অৱস্থাত আয়োজক সমিতিৰ প্ৰস্তুতি তুংগত উঠিছে। এইবাৰৰ অধিৱেশন যোৰহাটৰ ম’হবন্ধাৰ এৰালতলী পথাৰত অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা হৈছে। জাতি, ধৰ্ম, বর্ণ নির্বিশেষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰি কাষৰীয়া জিলাসমূহৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই শ্রমদান কৰি অধিৱেশন সফল কৰি তুলিবলৈ চেষ্টা চলাইছে। ১২০০ বিঘা মাটিৰে আগুৰা এৰালতলী পথাৰৰ ভূমিত সংঘৰ ভকত-বৈষ্ণৱৰ লগতে ইছলামধৰ্মী লোকসকলেও স্বেচ্ছাই শ্রমদান কৰিছে। এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্র সাজু কৰি তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও স্বইচ্ছাই শ্রমদান কৰিছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই শ্রমদানে ভাতৃত্ববোধ আৰু শান্তিৰ বাণী বিলাইছে। অধিৱেশন উপলক্ষে চৰকাৰী বিভাগসমূহে ইতিমধ্যে বিদ্যুতৰ ব্যৱস্থা, খোৱাপানীৰ ব্যৱস্থা, পথ নিৰ্মাণ কৰি যাতায়াতৰ সু-ব্যৱস্থা আদি যাৱতীয় কামসমূহ সম্পূৰ্ণ কৰিছে। অধিৱেশনত বিশেষ প্রতিনিধি শিবিৰ, বৃহৎ সেৱা বাহিনীৰ সভাকক্ষ, ২০০ প্ৰতিনিধি শিবিৰ, বাণিজ্য মেলা, প্রদর্শনী, গ্রন্থমেলা, বহিঃবাণিজ্য, ভোজনালয়, ৰান্ধনিশাল, কেন্দ্ৰীয় ভঁৰাল, বিভিন্ন বিভাগৰ কাৰ্যালয় আৰু মূল মণ্ডপ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। অধিৱেশনস্থলীত নাট ঘৰ, নামঘৰ আৰু পতাকা উত্তোলন বেদি আদিও নিৰ্মাণ কৰা হৈছে। অধিৱেশনস্থলীত নিৰ্মাণ কৰা প্ৰতিটো নিৰ্মাণ কাৰ্যই বাঁহ, খেৰ, নৰা আদি প্রাকৃতিক সামগ্ৰীৰে নিৰ্মাণ কৰা দেখা গৈছে।
Site Admin | February 3, 2025 12:32 PM | sankar sangha meeting
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি তুংগত