ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি দিয়া হৈছে। তেওঁ বৰ্তমানৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ’ব। মালহোত্ৰাই সম্প্ৰতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ৩ বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্রীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে শ্ৰীমালহোত্ৰাৰ নামটো গৱৰ্নৰ হিচাপে অনুমোদন জনাইছে। ১১ ডিচেম্বৰত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব।