March 15, 2025 7:42 PM | SANGBAD SALANTIKA

printer

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘সংবাদ চলন্তিকা’ত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা ভাওনাৰ বিষয়ত বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড° দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শ‍ইকীয়া, কৰ্ণ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ গোস্বামী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে বিমল ভূষণ মহন্তই। গান্ধাৰীৰ চৰিত্ৰত অভিনয় কৰিছে এঞ্জেলা চাংমাই।