February 3, 2025 12:27 PM | sanchipat digital

printer

সাঁচিপতীয়া পুথিসমূহ ডিজিটেল প্লেটফৰ্মত সংৰক্ষণৰ ব্যৱস্থা

অসমৰ সত্ৰসমূহত বা ব্যক্তিগত বাসস্থানত থকা সাঁচিপতীয়া পুথিসমূহ স্কেন কৰি পৰৱৰ্তী সময়ত প্ৰযুক্তিৰ সহায়েৰে ইউনিকোডত লিপিবদ্ধ কৰি মুক্ত উৎসৰ ডিজিটেল প্লেটফৰ্মত সংৰক্ষণ কৰা হ’ব। এই উদ্দেশ্যে কালি কলিয়াবৰত এটা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সাঁচিপতীয়া পুথিৰ ডিজিটাইজেচন আৰু নথিভুক্ত কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া ফাউণ্ডেচন, অসমৰ অন্তৰ্গত সৰাপাতৰ সৌৰভ প্ৰকল্পৰ অধীনত এই অনুষ্ঠান অনুষ্ঠিত হয়। ৱিকিমিডিয়া ফাউণ্ডেচনে বিশ্বৰ বিভিন্ন ভাষাৰ কেইবাশ বছৰ পুৰণি সাহিত্য নিজ নিজ ভাষাতে পাঠোদ্ধাৰ কৰি ইউনিকোডৰ জৰিয়তে ইণ্টাৰনেটত লাভ কৰাৰ সুবিধাৰ বাবে কাম কৰি আহিছে। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আগৰ পৰাই নানা সাহিত্য ৰচনা কৰা হৈছে যদিও সাঁচিপতীয়া পুথিসমূহৰ সংৰক্ষণৰ অভাৱত বহুখিনি নষ্ট হৈছে। সময় থাকোঁতে এই অমূল্য সম্পদৰাজি ডিজিটেল মাধ্যমত সংৰক্ষিত কৰিলে আমাৰ ভাষা-সাহিত্য সুৰক্ষিত হ’ব বুলি ৱিকিমিডিয়া ফাউণ্ডেচনে মত প্রকাশ কৰে। কালিৰ অনুষ্ঠানত ৱিকিমিডিয়া ফাউণ্ডেচন অসমৰ প্রনামিকা অধিকাৰী, অনিমেশ বৰা আৰু নয়নজ্যোতি নাথ আদিৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।