September 3, 2025 8:16 PM | samicon india

printer

চেমিকন ইণ্ডিয়া-২০২৫ শীর্ষ সম্মিলনত অর্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্রীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত অনুষ্ঠিত চেমিকন ইণ্ডিয়া-২০২৫ শীর্ষ সম্মিলনৰ দ্বিতীয় দিনা অর্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এখন প্রদর্শনী পৰিদৰ্শন কৰাৰ লগতে অর্ধপৰিবাহী খণ্ডৰ বিভিন্ন সামগ্রী আৰু প্ৰকল্পও প্রত্যক্ষ কৰে। সন্মিলনত বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে। শ্রীমোদীয়ে আজি চেমিকন ইন্ডিয়া শীর্ষ সম্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত মিলিত হয়। বিশ্ব বিভিন্ন প্ৰান্তৰ ঔদ্যোগিক নেতাসকলে এই ঘূৰণীয়া মেজমেলত অংশ লয়। বৈঠকত ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ বাবে অনুকূল ব্যৱস্থা আৰু ইয়াৰ বিকাশ সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি এই তিনিদিনীয়া সম্মিলন মুকলি কৰে। ভাৰতক গোলকীয় চেমিকণ্ডাক্টৰ যোগান শৃংখলাত বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই সম্মিলনৰ আয়োজন কৰা হৈছে। চেমিকণ্ডাক্টৰ আৰ্হি, উৎপাদন আৰু প্ৰযুক্তিৰ বিকাশৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ ভাৰতৰ দৰ্শনৰ দিশত এই চেমিকন ইণ্ডিয়া সম্মিলন গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।