চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু ৫ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে সমর্থ প‘ৰ্টেল মুকলি কৰিছে। ইচ্ছুক শিক্ষাৰ্থীসকলে নাম ভৰ্তিৰ বাবে এই প‘ৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। প‘ৰ্টেলটোত ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষানুষ্ঠান তথা পাঠ্যক্রমসমূহ বাচনি কৰিব পাৰিব। শিক্ষানুষ্ঠানসমূহে অহা ৫ মে‘ৰ ভিতৰত প্রছপেক্টাছসমূহ ‘ৰ্টেলত আপলোড কৰিব লাগিব। প‘ৰ্টেলত আবেদন জনাবলৈ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী অনুমোদিত নথিহে ব্যৱহাৰ কৰিব পাৰিব। আবেদনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ পঞ্জীয়ন মাচুল আদায় দিব নালাগে। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা অনুমোদিত নামভৰ্তি মাচুলহে ছাত্ৰ-ছাত্ৰীয়ে আদায় দিব লাগিব। পৰৱৰ্তী সময়ত এই প‘ৰ্টেলতেই নামভৰ্তিৰ দিন ঘোষণা কৰা হ‘ব।