ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 4, 2025 8:19 PM | Samgra siksha

printer

সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোই ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহত দক্ষতা শিক্ষাৰ ক্ষেত্ৰত হাব এণ্ড স্পক আৰ্হি ৰূপায়ণৰ উদ্দেশ্যে দুহেজাৰ ৪৪০ কোটি টকাৰ প্ৰকল্পৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই প্ৰকল্পৰ বাবে টাটা নেলকোই ৭৫ শতাংশ আৰু ৰাজ্য চৰকাৰে ২৫ শতাংশ পুঁজি যোগান ধৰিব।

হাব এণ্ড স্প’ক ম’ডেলত হাব বিদ্যালয়সমূহে চৌপাশৰ একাংশ স্পক বিদ্যালয়ৰ বাবে সমল আৰু প্রশিক্ষণ কেন্দ্ৰ হিচাপে কাম কৰে। স্প’ক বিদ্যালয়সমূহে হাব বিদ্যালয়সমূহৰ পৰা সহায় আৰু প্ৰয়োজনীয় দিহা- পৰামৰ্শ লাভ কৰে।

প্ৰকল্পৰ প্ৰথম পৰ্য্যায়ত ১০ খন হাব বিদ্যালয় আৰু ৭০ খন স্প’ক বিদ্যালয় আৰু দ্বিতীয় পৰ্য্যায়ত ৪০ খন হাব আৰু ৪৩০ খন স্প’ক বিদ্যালয় মুকলি কৰা হ’ব। প্ৰতিখন হাব বিদ্যালয়ে ১০ টা নিত্য নতুন দক্ষতা খণ্ডৰ আৰু প্ৰতিখন স্পর্ক বিদ্যালয়ে দুটা খণ্ডৰ পৰিচালনা কৰিব। এই প্ৰকল্পৰ অধীনত কৃত্ৰিম উপগ্ৰহ আধাৰিত যোগাযোগ ব্যৱস্থাৰে বিশেষজ্ঞ পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু প্ৰতিখন হাব আৰু স্পক বিদ্যালয়ত দুগৰাকীকৈ প্ৰশিক্ষক থাকিব। এই আৰ্হিৰ অধীনত কৃত্রিম বুদ্ধিমত্তা, ইণ্ডাষ্ট্রিয়েল ইণ্টাৰনেট অৱ থিংছ, ৰব’টিকছ এণ্ড মোচন কন্ট্রোল, এ আৰ ভি আৰ, থ্রি ডি প্রিন্টিং, ড্রণ প্রযুক্তি, যান-বাহন আৰু বৈদ্যুতিক বাহন প্রযুক্তি, ডিজাইন আৰু উদ্ভাৱন, হোম ইলেক্‌ট্রনিকছ, কম্পিউটাৰ এইডেড মেচিনিং আদি পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ’ব। এই ভৱিষ্যদর্শী সমন্বয়ে ৰাজ্যৰ বৃত্তিমুখী আৰু দক্ষতা শিক্ষাৰ বিপ্লৱৰ সূচনা কৰিব আৰু কৰ্ম-সংস্থাপন লাভৰ উপযুক্ত দক্ষতা সুনিশ্চিত কৰি নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সৱল কৰি তুলিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।