ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 31, 2025 6:49 PM | Asom Sahitya Sabha

printer

পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা বিজ্ঞান মেলা আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সাহিত্য সভাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে। বিজ্ঞান মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভুষণ দেৱচৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাহিত্য সভাৰ বাকৰিত আজি কৈলাশ মল্লবৰুৱা সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম-উপাচার্য ড° অমৰ জ্যোতি চৌধুৰীয়ে। অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰে। এই গ্রন্থমেলাতে আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰচনা কৰা অসম বিধান সভাত কামেশ্বৰ দাস শীর্ষক গ্রন্থখন বিশিষ্ট লেখক অঞ্জন শর্মাই উন্মোচন কৰে। ইয়াৰ পাছত মূল মঞ্চত অনুষ্ঠিত সাহিত্য আলোচনা উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্রী মৃণালিনী দেৱীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° উমেশ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° লীনা গোস্বামীয়ে মূল বক্তব্য আগবঢ়ায়।

ইয়াৰ আগতে আজি অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পাঠশালা সাহিত্য সভাৰ থলী-ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। ইয়াৰ পাছতে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্রযোজক তথা অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়ে এটা খৰ্গযুক্ত গড়ৰ আকৃতিত নিৰ্মাণ কৰি উলিওৱা অধিবেশনৰ মূল তোৰণ উদ্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।