কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ ষষ্ঠ তথা নতুন আঞ্চলিক কেন্দ্ৰটো মুকলি কৰে। মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰ, সামৰিক ৰাজ্যমন্ত্ৰী তথা ৰাঁছীৰ সাংসদ সঞ্জয় শেঠ, হাথিয়া বিধানসভাৰ বিধায়ক নবীন জয়ছৱালো এই অনুষ্ঠানত উপস্থিত থাকে। ৰাইজক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰীলয়ে উদ্বোধন কৰা নতুন এই আঞ্চলিক কেন্দ্ৰটোৱে ক্ষমতা বিকাশৰ প্ৰয়াস আৰু সেৱা প্ৰদানৰ ব্যৱস্থাত দেশৰ পূৰ্বাঞ্চলত বিকেন্দ্ৰিকৃত কৰাত সহায় কৰিব। এই কেন্দ্ৰই মহিলা আৰু শিশু বিকাশ বৃদ্ধিত অৰিহনা যোগোৱাৰ লগতে বিকশিত ভাৰত ২০৪৭ৰ উদ্দেশ্যক পূর্ণতা প্রদানতো সহায় কৰিব। ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিম বংগৰ বৈচিত্র্যময় সংস্কৃতিক সামৰি এই কেন্দ্ৰই মিছন শক্তি, মিছন সমর্থ, মিছন বাৎসল্য, মিছন সক্ষম অংগনবাড়ী, নব্য আৰু পোষণৰ দ্বিতীয় সংস্কৰণৰ আঁচনিসমূহৰ সৈতে জড়িত প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰয়োজন পূৰণ কৰাতো সমর্থবান হ’ব। অন্নপূর্ণা দেৱীয়ে লগতে এই কেন্দ্ৰই শিশু নিৰ্দেশনাৰ লগতে আগশাৰীৰ কৰ্মীসকল তথা বিষয়াসকলক বৃত্তিমূলক প্রশিক্ষণ দিয়াত সহায় কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে ঝাৰখণ্ডত মহিলাৰ বাবে সাতটা হোষ্টেল নির্মাণ কৰা হ’ব আৰু তাৰ ভিতৰত বিশেষভাৱে দুটা ৰাঁছীত নিৰ্মাণ কৰা হ’ব। এই কেন্দ্ৰটোৱে তৃণমূল পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণ কৰাত যথেষ্ট সহায় কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰকাৰে শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ কমোৱাৰ লগতে পোষণ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ সফল ৰূপায়ণৰ বিষয়েও উল্লেখ কৰে।
Site Admin | July 4, 2025 8:16 PM | Sabtri bai
সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ ষষ্ঠ কেন্দ্ৰ মুকলি