January 27, 2025 8:24 PM | S.Joysankar

printer

তিনিদিনীয়া কাৰ্যসূচীৰে ড° এছ জয়শংকৰৰ আজিৰে পৰা সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ বিভিন্ন নেতাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰ্যালোচনা কৰিব। উভয়পক্ষৰ মাজৰ আলোচনাই এই দ্বিপাক্ষিক সম্পর্কক অধিক শক্তিশালী কৰি তোলাৰ পথ প্ৰশস্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত লগতে কোৱা হৈছে যে, বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সংহত কৌশলী সহযোগিতাক অধিক আগবঢ়াই নিব আৰু পাৰস্পৰিক সম্পৰ্ক নতুন গতি প্ৰদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।