December 8, 2025 12:05 PM | DR. S. joysankar

printer

ভাৰতে বিশ্ব ঐতিহ্যক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আবাসভূমি হোৱা স্বত্বেও আমাৰ দেশে বিশ্বৰ বিভিন্ন ঐতিহ্যক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। নতুন দিল্লীত অনুষ্ঠিত বিংশ সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা শীর্ষক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে এইদৰে প্রকাশ কৰে। এই অনুষ্ঠানতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে বিমূর্ত ঐহিত্যক সুৰক্ষিত কৰাৰ বাবে লোৱা ভাৰতৰ প্রচেষ্টাক প্রশংসা কৰে। পৰম্পৰা, ভাষা আৰু উৎসৱসমূহ সকলোৰে আৰু ইয়াক সকলোৱে ৰক্ষণাবেক্ষণ দি অহাৰ লগতে প্রতিটো প্ৰজন্মই সমৃদ্ধ কৰি অহাৰ বাবে ই সংস্কৃতিৰ আটাইতকৈ গণতান্ত্রিক দিশ হৈ পৰিছে বুলিও মন্ত্রী ড০ শংকৰে প্রকাশ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দুখন চহৰ হায়দৰাবাদ আৰু লক্ষ্ণৌক ইউনেস্ক’ৰ গেষ্ট’নমি চহৰৰ তালিকাত স্বীকৃতি দিয়া কার্যত সন্তোষ প্রকাশ কৰে। বিমূর্ত সংস্কৃতিসমূহক ৰক্ষণাবেক্ষণ দি অহা বাবেও শ্রীজয়শংকৰে ইউনেস্ক’ৰ ভূয়সী প্রশংসা কৰে।

এই অনুষ্ঠানত অংশগ্রহণ কৰি কেন্দ্রীয় সংস্কৃতি আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাবটে কয়, যে এই অধিৱেশনে জীৱন্ত পৰম্পৰাসমূহক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক প্রতিপন্ন কৰে। তেওঁ কয়, যে এই পৰম্পৰাসমূহৰ সুৰক্ষাৰ দিশটো অতি প্রয়োজনীয়, কিয়নো এইসমূহৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মই বিশ্বৰ পৰম্পৰাগত জ্ঞানসমূহ আহৰণ কৰিব পাৰিব। আজিৰে পৰা হ’বলগীয়া এই অধিৱেশনৰ উদ্বোধনী অনুষ্ঠান কালি নতুন দিল্লীত অনুষ্ঠিত হয়। দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা, ইউনেস্ক’ৰ সঞ্চালক প্রধান খালেদ-ইল্ এন্নি আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।