বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী ড০ এছ জয়শংকৰে যোৱা ২২ এপ্রিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ আফগানিস্তানৰ শলাগ লৈছে। নতুন দিল্লীত আজি ড০ জয়শংকৰ আৰু আফগানিস্তানৰ মৌলবী আমিৰ খান মুট্টাকীৰ মাজত হোৱা আলোচনাত অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত এই কথা প্রকাশ কৰা হয়। দুয়োপক্ষই লগতে অঞ্চলটোত শান্তি, সুস্থিৰতা আৰু পাৰস্পৰিক আস্থাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে।
দুয়োপক্ষই পৰস্পৰৰ সাৰ্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাৰ প্ৰতি সম্মান প্রদর্শনৰ বিষয়তো গুৰুত্ব দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ জয়শংকৰে লগতে ভাৰতৰ সুৰক্ষা উদ্বেগৰ বিষয়ে অবগত হোৱাৰ বাবে আফগান পক্ষৰ শলাগ লয়। আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে সেই দেশৰ চৰকাৰে কোনো গোট বা ব্যক্তি আফগানিস্তানৰ ভূখণ্ড ভাৰতৰ বিৰুদ্ধে ব্যবহাৰ কৰিবলৈ নিদিয়ে। ড০ জয়শংকৰে নাংগাৰহাৰ আৰু কুনাৰ প্ৰদেশত অলপতে অহা বিধবংসী ভূমিকম্পত ভালেসংখ্যক লোকৰ প্ৰাণহানিক লৈ গভীৰ শোক প্রকাশ কৰে। আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে বিপৰ্যয়ৰ সময়ত ভাৰতে আগবঢ়োৱা সহায় আৰু সাহায্যৰ বাবে ধন্যবাদ জনায়। আলোচনা কালত দুয়োপক্ষই আফগানিস্তানলৈ আগবঢ়োৱা ভাৰতীয় মানবীয় সাহায্য কাৰ্যসূচীৰ প্ৰগতিৰ পৰ্যালোচনা চলায়। ড০ জয়শংকৰে এনে ধৰণৰ সাহায্য অব্যাহত ৰাখিবলৈ ভাৰতৰ প্রতিশ্রুতিবদ্ধতা দোহাৰে। দুয়োপক্ষই লগতে সাংস্কৃতিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ বাবে ক্রীড়া বিশেষকৈ ক্রিকেটৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বিভিন্ন উপায় সম্পর্কে আলোচনা কৰে।