ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 1, 2024 12:37 PM | S.Joysankar

printer

ড’হাত কাটাৰৰ প্রধানমন্ত্ৰীক সাক্ষাৎ ডº এছ জয়শংকৰৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰে কালি ডহাত কাটাৰৰ প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্রী মহম্মদ বিন- আব্দুল ৰহমান বিন জাচিম অল থানিক সাক্ষাৎ কৰে। ডº জয়শংকৰে প্ৰধানমন্ত্ৰী অল থানি আৰু কাটাৰৰ আমিৰক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰে। তেওঁলোকে ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, প্রযুক্তি, সংস্কৃতি তথা জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ বিষয়সমূহৰ সন্দৰ্ভত দ্বিপাক্ষিক সহযোগিতাৰ পুনৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভতো মত বিনিময় কৰে। বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ভাৰত-কাটাৰ সম্পৰ্ক অধিক উন্নীত কৰাৰ লগতে উমৈহতীয়া বিষয়সমূহত আলোচনা অব্যাহত ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।