বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপু কালি নতুন দিল্লীত এয়াৰবাছ আৰু ইণ্ডিগ’ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়। ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ড শক্তিশালী কৰাৰ লগতে ভাৰত আৰু ইউৰোপৰ মাজত অর্থনৈতিক সম্পর্ক সুদঢ় কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম উন্নয়নৰ সৈতে সংগতি ৰাখি বৈঠকত প্ৰযুক্তি হস্তান্তৰ, উৎপাদন অংশীদাৰিত্ব আৰু সেউজ বিমান পৰিবহণকে ধৰি বিভিন্ন ক্ষেত্ৰসমূহৰ বিষয়েও আলোচনা কৰা হয়। ড° জয়শংকৰে সামাজিক মাধ্যম যোগে কয়, যে এয়াৰবাছ আৰু ইণ্ডিগ’ৰ নেতৃত্বৰ সৈতে জড়িত হৈ তেওঁ আনন্দিত হৈছে। ভাৰত-ইউৰোপৰ ক্রমবর্ধমান সম্পর্ক সন্দৰ্ভত আলোকপাত কৰি ভাৰতৰ দ্ৰুত আন্তঃগাঁথনি আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা কৌশলগত দিশসমূহৰ ওপৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | October 3, 2025 12:30 PM | DR. S. joysankar
এয়াৰবাছ আৰু ইণ্ডিগ’ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড° এছ জয়শংকৰ আৰু ৰাম মোহন নাইডুৰ বৈঠক
