বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকালৈ যাব। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক’ ৰুবিঅ’ৰ নিমন্ত্রণমৰ্মে কাইলৈ কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ড° জয়শংকৰ আমেৰিকালৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই বৈঠকত মুক্ত আৰু স্বতন্ত্ৰ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সমূহীয়া দৃষ্টিভংগী আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব। উল্লেখযোগ্য যে পেহেলগাম আক্ৰমণৰ পাছত কোৱাড মন্ত্ৰীসকলৰ এইখনেই প্ৰথমখন বৈঠক হ’ব।
এই ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে আজি নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত দ্যা হিউমেন কস্ট অফ টে’জিম শীর্ষক এখন প্রদর্শনীও মুকলি কৰিব। এই প্ৰদৰ্শনীত বিশ্বজুৰি হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাৰ বিধ্বংসী প্ৰভাৱৰ লগতে সন্ত্ৰাসবাদ ৰোধ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰা হ’ব। পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতা গ্ৰহণ কৰাৰ মাত্ৰ এদিন পূৰ্বে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
Site Admin | June 30, 2025 11:44 AM | S.Joysankar
তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকা ভ্ৰমণলৈ ড° এছ জয়শংকৰ
