ইউৰোপৰ ত্ৰিদেশীয় ভ্রমণসূচীৰে সম্প্ৰতি নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত থকা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কেছপাৰ ভেল্ডকাঁম্পৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা পষ্টত ড০ জয়শংকৰে আলোচনাত ইউৰোপীয় সংঘৰ সৈতে থকা বিভিন্ন সম্পৰ্কৰ লগতে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ সম্পৰ্কত বিভিন্ন বিষয়ে আগস্থান পাই বুলি প্ৰকাশ কৰে। শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক নেডাৰলেণ্ডছে কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্যসহনশীলতাৰ নীতিক সমর্থন জনোৱা বাবে ড০ জয়শংকৰে দেশখনৰ শলাগ লয়।
ত্রিদেশীয় ভ্রমণসূচীৰে নেডাৰলেণ্ডছত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক দেশখনত থকা ভাৰতৰ ৰাষ্ট্রদূত কে আৰ টুহিন আৰু দেশখনৰ পৰৰাষ্ট্ৰ কাৰ্যালয়ৰ সঞ্চালক গেব্রিয়েলা চানচিচিয়ে আদৰণি জনায়।
ছদিনীয়া ভ্রমণসূচীৰে ৰাওনা হোৱা বিদেশমন্ত্ৰীগৰাকীয়ে ডেনমাৰ্ক আৰু জাৰ্মানীলৈও যাব। ড০ জয়শংকৰে তিনিওখন ৰাষ্ট্ৰৰে নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে বাকী দেশ দুখনৰ বিদেশ মন্ত্রীদ্বয়ৰ সৈতেও দ্বিপাক্ষিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ লগতে দ্বিপাক্ষিক সম্পর্ক অধিক উন্নত কৰাৰ উদ্দেশ্যে কেইবালানি আলোচনাত মিলিত হ’ব।