বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ছদিনীয়া কাৰ্যসূচীৰে ফ্রান্স ভ্ৰমণ কৰিছে। ড° জয়শংকৰে ভ্ৰমণৰ প্রথম দিনা কালি পেৰিছত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনী পৰিদৰ্শন কৰে। এই প্রদর্শনীয়ে ভাৰতৰ বস্তু ঐতিহ্য আৰু সৃজনীশীলতাক প্রতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সাংস্কৃতিক বান্ধোনৰ কথাও সোঁৱৰাই দিছে বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। উল্লেখযোগ্য যে, এই ভ্রমণকালত ড° জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃস্থানীয় লোকসকলক সাক্ষাৎ কৰাৰ লগতে ফ্ৰান্সৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ্যাঁ নবেল বেৰটৰ সৈতে বৈঠকত মিলিত হ’ব। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰিব। ড° জয়শংকৰে লগতে ফ্ৰান্সৰ ৰাষ্ট্রদূতসকলৰ সম্মিলনৰ ৩১ সংখ্যক সংস্কৰণত সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত মন্ত্ৰীগৰাকী লাকজেমবার্গলৈ যাব আৰু লাকজেমবাৰ্গৰ উপ প্রধানমন্ত্রী আৰু বিদেশ মন্ত্রী জেভিয়াৰ বেটেলৰ সৈতে বৈঠকত মিলিত হ’ব। লাকজেমবার্গত থকা ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও ড° জয়শংকৰে মত বিনিময় কৰিব।
Site Admin | January 6, 2026 12:26 PM | S.Joysankar
ছদিনীয়া কাৰ্যসূচীৰে ফ্রান্স ভ্ৰমণ ড° এছ জয়শংকৰৰ