December 20, 2025 7:55 PM | S.Joysanak

printer

উন্নত ভাৰতৰ বৈদেশিক নীতি সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ সৈতে দীর্ঘকালীন তথা অভিলাষী হোৱা উচিত বুলি ড° এচ জয় শংকৰৰ মন্তব্য

উন্নত ভাৰতৰ বৈদেশিক নীতি সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ সৈতে দীর্ঘকালীন তথা অভিলাষী হোৱা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এচ জয় শংকৰে মন্তব্য কৰিছে। দেশৰ আন্তর্জাতিক স্থিতি অধিক শক্তিশালী কৰি তুলিবলৈ আন মিত্র দেশসমূহক অন্তর্ভুক্ত কৰাৰ প্ৰয়োজন সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। পুনেৰ চিমবায়’চিচ ইন্টাৰনেছনেল ডীমড বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবর্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষার্থীসকলক উদ্দেশ্যি তেওঁ ভাষণ দিয়ে। তেওঁ ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ চালিকা শক্তি হিচাপে কাম কৰাৰ বাবে যুৱচামলৈ আহ্বান জনায়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে সাম্প্রতিক কালত প্রযুক্তি, মূলধন আৰু বিনিয়োগৰ দৰে খণ্ডসমূহত বহু মানসিক চাপ থকা সন্দর্ভতো মত প্রকাশ কৰে। দেশে নির্মাণ সামৰ্থ আৰু প্ৰযুক্তিগত প্ৰগতি বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতৰ প্রত্যাহ্বান সমূহৰ মুখামুখি হ’ব পৰাকৈ সমর্থবান হৈ উঠা উচিত বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।