ডাউনলোড
মোবাইল এপ

android apple
signal

May 23, 2025 8:23 PM | S. Joysanakr

printer

বার্লিনত জার্মান চেন্সেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে আজি বার্লিনত জার্মান চেন্সেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা দিয়াৰ লগতে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ ভাৰতে দিয়া প্ৰত্যুত্তৰত জার্মানীয়ে আগবঢ়োৱা সমর্থনৰ বাবে প্ৰশংসা কৰে। ভাৰত আৰু জাৰ্মানীৰ কৌশলগত সহযোগিতা উন্নত আৰু বিস্তাৰিত কৰাৰ অৰ্থে মাৰ্জ চৰকাৰৰ সৈতে একেলগে কাম কৰাৰ বাবে আগ্রহী বুলিও তেওঁ উল্লেখ কৰে। ড° জয়শংকৰে লগতে জার্মান চেন্সেলৰগৰাকীৰ বিদেশ তথা সুৰক্ষা নীতিৰ উপদেষ্টাগৰাকীৰ সৈতেও আজি আলোচনা কৰে। দুয়োগৰাকী নেতাই গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ লগতে সন্ত্ৰাসবাদৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগীও বিনিময় কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ড° জয়শংকৰে কয় যে বৰ্তমানৰ অস্থিৰ বিশ্বত স্থিৰতা অনাৰ ক্ষেত্ৰত ভাৰত আৰু জাৰ্মানীৰ গভীৰ সহযোগিতৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয় যে পাৰস্পৰিক বিশ্বাস অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰই একেলগে কাম কৰি যাব। বিদেশ মন্ত্ৰীগৰাকীয়ে জাৰ্মানীৰ অৰ্থনৈতিক আৰু শক্তি মন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰাৰ লগতে ভাৰত আৰু জাৰ্মানীৰ প্ৰতিভা সম্পর্ক, ঔদ্যোগিক অংশীদাৰিত্ব আৰু যুটীয়া সহযোগিতা বৃদ্ধিৰ উপায় সম্পর্কেও আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক