ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ সকলো পাছপোর্ট সংস্থাক ডºএছ জয়শংকৰৰ দ্বাদশ পাছপোর্ট সেৱা দিৱসৰ শুভেচ্ছা

বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে দ্বাদশ পাছপোর্ট সেৱা দিৱস উপলক্ষে দেশৰ সকলো পাছপোর্ট সংস্থাক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত জয়শংকৰে নাগৰিক-কেন্দ্ৰিক বৈদেশিক নীতিৰ প্ৰচাৰৰ ক্ষেত্ৰত পাছপোৰ্ট সংস্থাৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে পাছপোৰ্ট প্ৰেৰণ প্ৰক্ৰিয়াত হোৱা গুৰুত্বপূৰ্ণ উন্নয়নৰো শলাগ লয়। ডº এছ জয়শংকৰে কয় যে পাছপোর্ট সেৱাসমূহ আৰু অধিক দ্ৰুতবেগী, বিশ্বাসযোগ্য, সহজলভ্য, স্বচ্ছ তথা নাগৰিকৰ সুবিধাৰ বাবে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে ২০২৩ চনত বৈদেশিক মন্ত্রালয়ে প্রায় ১.৬-৫ কোটি পাছপোর্ট জড়িত সেৱা নাগৰিকক প্ৰদান কৰিছে। নাগৰিকক ঘৰে ঘৰে পাছপোর্ট সেৱাসমূহ পঠিওৱাৰ বাবে মন্ত্ৰালয়ে ৪৪০টা ডাকঘৰ পাছপোর্ট সেৱা কেন্দ্ৰ স্থাপন কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পাছপোর্ট পুলিচ এপে ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৯ হাজাৰটা আৰক্ষী চকী সামৰি লৈছে। কাগজবিহীন প্ৰ-পত্ৰকৰণৰ বাবে পাছপোর্ট সেৱা ব্যৱস্থা ডিজি লকাৰৰ সৈতে সংযুক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে পাছপোর্ট সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে দেশৰ উন্নয়নত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত পাছপোর্টে যাত্ৰাৰ নথিপত্ৰৰ এক উপাদান হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।