ডাউনলোড
মোবাইল এপ

android apple
signal

June 7, 2025 8:36 PM | Russia

printer

ৰাছিয়াই ইউক্রেইনত চলোৱা এক আক্ৰমণত ৩ জন লোক নিহত হোৱাৰ লগতে আন ২১ জন লোক গুৰুতৰ ভাৱে আহত

আজি পুৱা ৰাছিয়াই ইউক্রেইনত চলোৱা আন এক আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন ২১ জন লোক গুৰুতৰ ভাৱে আহত হয়। সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ৰাছিয়াই এই আক্ৰমণত ২০৬খন ড্রন আৰু ৯টা ক্ষেপণাস্ত্র ব্যৱহাৰ কৰিছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত কৰা এই বৃহৎ‍ আক্ৰমণৰ ফলত ইউক্রেইণৰ ১৮টাকৈ বৃহৎ অট্টালিকা আৰু ১৩টা ব্যক্তিগত ঘৰৰ ক্ষতিসাধন হৈছে। ইউক্রেইনৰ বায়ু সেনাই দাবী কৰা মতে, তেওঁলোকে ৰাছিয়াৰ এখন যুদ্ধ বিমানৰ লগতে ৮৭খন ড্রন আকাশমাৰ্গতে ধ্বংস কৰি ভূপতিত কৰিছে। আনহাতে, ৰাছিয়াৰ সেনাই ৩৬খন ইউক্রেইনৰ ড্ৰন ধ্বংস কৰাৰ কথা সদৰী কৰিছে। ইউক্রেইনৰ ড্ৰন আক্ৰমণৰ ফলত মস্কো অঞ্চলত কমেও দুজন লোক আহত হয়।

অধিক পঢ়ক

সকলো চাওক