ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 4, 2024 12:03 PM | Russia

printer

প’লটাভাৰৰ সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণত ৪১ জন লোক নিহতৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভডিমিৰ জেলেনস্কিয়ে কৈছে যে দেশখনৰ কেন্দ্ৰীয় চহৰ পলটাভাৰ এখন সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত কমেও ৪১ জন লোক নিহত হোৱাৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত হৈছে। তেওঁ কয় যে চহৰখনত ৰাছিয়াই দুটা বেলিষ্টিক মিছাইলেৰে কালি এই আক্রমণ সংঘটিত কৰিছে। এই আক্ৰমণৰ ফলত বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি যোৱা কেইটামান সপ্তাহত ৰাছিয়াই ইউক্রেইনত ক্ষেপণাস্ত্ৰ আৰু ড্রোন আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।