গ্রাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে তেওঁৰ মন্ত্ৰ্যালয় চলিত বছৰৰ ভিতৰত দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত কালি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত মন্ত্ৰ্যালয়ৰ বিভিন্ন আঁচনিসমূহৰ পৰ্যালোচনা বৈঠকত তেওঁ এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে আৰু কয়, যে গ্ৰামাঞ্চলৰ এই ভূমিকাই ভাৰতক সমগ্ৰ বিশ্বৰ বাবে এখন আদৰ্শ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব। তেওঁ কয়, যে গ্রাম্য উন্নয়ন মন্ত্ৰ্যালয়ৰ আঁচনিসমূহ সাধাৰণ জনতাৰ সপোন বাস্তৱায়িত কৰাৰ থল। তেওঁ লগতে এই আঁচনিসমূহে গ্ৰামাঞ্চলৰ বিকাশৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, যে গৃহ নিৰ্মাণ আঁচনিৰ অধীনত যোৱা ১০ বছৰত দেশৰ গ্ৰামাঞ্চলত ৩ কোটি ৪৫ লাখ বাসগৃহ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহে মুঠ ৫০ হাজাৰ ৪৬৭ কোটি টকা মোকলাই দিছে।
চলিত বছৰত দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলাৰ বাবে গ্ৰাম্য উন্নয়ন মন্ত্ৰ্যালয় প্ৰতিশ্ৰুতিবদ্ধঃ শিৱৰাজ সিং চৌহান