ডাউনলোড
মোবাইল এপ

android apple
signal

March 22, 2025 12:14 PM | Assam assaembly

printer

বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ অশোভনীয় আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্রতিক্রিয়া

মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালি অসম বিধানসভাত লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে অশোভনীয় আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰিয়নি থানা চাৰিআলি, হেমলাই, চেলেংহাট, নকছাৰী আদিকে ধৰি বিধায়কগৰাকীৰ নিজা সমষ্টিৰ বিভিন্ন স্থানত কৃষক মুক্তি সংগ্রম সমিতিৰ লোকসকলে শ্ৰী কুৰ্মীৰ এনে আঁচৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিত ৰাইজৰ দলৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিধায়কগৰাকীক তেওঁৰ আচৰণৰ বাবে ক্ষমা খোজাৰ দাবী জনায়।

উল্লেখযোগ্য যে, অসম বিধানসভাত কালি লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কত ভাগ লৈ বিধায়ক কুৰ্মীয়ে পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে কৰা কাম-কাজৰ প্ৰশংসাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীয়ে তেওঁলোকৰ ফাললৈ চাই বক্তব্য উত্থাপন কৰাৰ পৰিৱৰ্তে অধ্যক্ষকহে সম্বোধন কৰিব লাগে বুলি মন্তব্য কৰাত বিজেপিৰ বিধায়কগৰাকী খৰ্গহস্ত হৈ পৰে আৰু উত্তেজিত হৈ তেওঁ বিধায়ক শ্বেৰমান আলীৰ ফালে চোঁচা মাৰিবলৈ উদ্যত হয়। অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ নোমল মমিনে বিধায়কগৰাকীক শান্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিবলগীয়া হয় আৰু মাৰ্শ্বালৰ সহায়তহে বিধায়কগৰাকীক ক্ষান্ত কৰে। এই ঘটনাৰ প্ৰতিবাদত বিৰোধী পক্ষই কিছু সময়ৰ বাবে সদন ত্যাগ কৰে।

অধিক পঢ়ক

সকলো চাওক