বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ আহিছে। এন ডি এই মুঠ ২৪৩ খন আসনৰ ভিতৰত ২০২ খনতে জয়লাভ কৰিছে। আটাইকইটা সমষ্টিৰ ফলাফল যোৱা নিশা ঘোষণা কৰা হয়। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে যিকোনো এটা দল বা মিত্রজোঁটক ১২২ খন আসনৰ প্ৰয়োজন আছিল ৷ বিজেপিয়ে অকলে ৮৯ খন আসনত জয়লাভ কৰিছে। এন ডি এৰ সহযোগী দল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন JDUয়ে ৮৫খন আসনত জয়লাভ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ছিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পার্টীয়ে ১৯ খন আসন লাভ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝী নেতৃত্বাধীন হিন্দুস্তানী আৱামী মৰ্চাই পাঁচ খন আৰু উপেন্দ্ৰ কুছৱাহা নেতৃত্বাধীন ৰাষ্ট্ৰীয় লোক মৰ্চাই চাৰি খন আসনত জয়লাভ কৰে। এন ডি এৰ হৈ জয়লাভ কৰা অন্যতম নেতাসকলৰ ভিতৰত উপ-মুখ্যমন্ত্ৰীদ্বয় সম্রাট চৌধুৰী আৰু বিজয় কুমাৰ সিন্হা, ৰাজ্যিক মন্ত্ৰী প্রেম কুমাৰ, মহেশ্বৰ হাজাৰী আৰু সঞ্জয় ছাৰাওগি তথা বিজেপিৰ মৈথিলী ঠাকুৰ আছে। আৰ জে ডি নেতৃত্বাধীন মহাজোঁটবন্ধনে কেৱল ৩৫ খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। আৰ জে ডিয়ে ২৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬ খন, চি পি আই (এম এল) লিবাৰেশ্যনে দুখন, আৰু চি পি আই (এম) আৰু আই আই পিয়ে এখনকৈ আসন লাভ কৰে। হায়দাবাদৰ সাংসদ আছাদউদ্দিন ওৱেছি নেতৃত্বাধীন এ আই এম আই এমে পাঁচখন আসন লাভ কৰাৰ লগতে বহুজন সমাজপাৰ্টীয়ে মাত্র এখন আসন লাভ কৰে। বিৰোধী পক্ষত যথেষ্ট সংখ্যক ভোটেৰে জয়লাভ কৰা নেতাসকলৰ ভিতৰত আৰ জে ডিৰ নেতা তথা মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদব আৰু চি পি আই (এম এল)ৰ সন্দীপ সৌৰভ অন্যতম। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্রশান্ত কিশোৰৰ জন সূৰ পাৰ্টীয়ে এখনো আসন লাভ কৰিবলৈ সমৰ্থ নহ’ল।
Site Admin | November 15, 2025 12:19 PM | Ruling NDA sweeps Bihar Assembly Elections with massive mandate
বিহাৰ বিধানসভা নিৰ্বাচনত ২০২খন আসন লাভ কৰি পুনৰবাৰ শাসনলৈ এনডিএ মৰ্চা