ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। আজি বিয়লি ৩ বজাৰ পূৰ্বে প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিব লাগিব। ইতিমধ্যে শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্রার্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্রার্থিত্ব প্ৰদান কৰিছে। ইপিনে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে এই নিৰ্বাচনত প্রার্থিত্ব আগবঢ়োৱা নাই। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ’ব পৰাকৈ বিধায়ক নাই বাবেই ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকা বুলি দলটোৱে প্রকাশ কৰিছে। নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ দুয়োখন আসনেই শাসকীয় মিত্ৰজোঁটৰ দখলত আছে। বিৰোধীয়ে নিৰ্বাচনত প্রার্থিত্ব নিদিয়াৰ সিদ্ধান্তই শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হোৱাতো স্পষ্ট কৰিছে। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত উকলি যাব।
Site Admin | June 9, 2025 12:28 PM | rs election assam nomination
ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন
