প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সি ব্যৱস্থাৰে অষ্টাদশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা ৬১ হাজাৰতকৈও অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ এখন জনসভাকো ভাষম দিয়ে। দেশৰ ৪৫টা স্থানত এই অষ্টাদশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্তীয় সেৱা, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত যুবক-যুবতীসকলে নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে, নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ৰোজগাৰ মেলা চৰকাৰৰ এটা গুৰুত্বপূর্ণ পদক্ষেপ। সমগ্র দেশতে এই মেলাৰ জৰিয়তে এতিয়ালৈ ১১ লাখতকৈও অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে।
Site Admin | January 24, 2026 12:07 PM | PM Rojgar mela
অষ্টাদশ ৰোজগাৰ মেলাত ৬১ হাজাৰতকৈও অধিক যুৱক যুৱতীক প্রধানমন্ত্রীৰ নিযুক্তি পত্ৰ বিতৰণ