ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 24, 2025 12:58 PM | PM Rojgar mela

printer

প্রধানমন্ত্রীৰ ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত আজি পুৱা ভিডিঅকনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত অতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্ৰ সিং আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্রী অজয় তামতা উপস্থিত থাকে। তামিলনাডুত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড° এল মুৰুগাণে প্রার্থীসকলক নিযুক্তিপত্র প্রদান কৰে। একেদৰে আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদবে মাদুৰাইত আৰু বিত্ত ৰাজ্যমন্ত্রী পংকজ চৌধুৰীয়ে তিকচিৰাপল্লিত প্রার্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে।

ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সর্বাধিক অগ্রাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রতিশ্রুতিবদ্ধতা পূৰণৰ দিশত এটা গুরুত্বপূর্ণ পদক্ষেপ। এই ব্যৱস্থাই যুৱক-যুৱতীসকলৰ সৱলীকৰণ তথা ৰাষ্ট্ৰ নির্মাণত অংশগ্ৰহণৰ বাবে তেওঁলোকক অর্থপূর্ণ সুযোগ প্রদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।