ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 31, 2025 7:05 PM | Roi Roi binala

printer

অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি

বহু প্রতীক্ষাৰ অন্তত আজি অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হয়। ৰাজ্যৰ বহু ঠাইত পুৱা ৪ বাজি ২৫ মিনিটত ছবিখনৰ প্ৰথমটো দর্শনী প্ৰদৰ্শন কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ ধলপুৱাতে বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীসকলে ভিৰ কৰে। পুৱাৰ ভাগত অহা বৰষুণকো নেওচি ডেকা-বুঢ়া নির্বিশেষে সকলো বয়সৰ লোকে ছবিগৃহ ভিৰ কৰিছে। প্ৰতিটো ছবিগৃহতে অহা কিছুদিনলৈ সকলো দর্শনীৰ বাবে দর্শকসকলে টিকট ক্ৰয় কৰিছে।

কাছাৰ জিলাৰ শিলচৰৰ ছবিগৃহসমূহতো অগণন দৰ্শকৰ ভিৰ পৰিলক্ষিত হয়। ছবিখন উপভোগ কৰি অশ্রুসিক্ত নয়নেৰে শিল্পীগৰাকীক সোঁৱৰণ কৰে। কেইবাটাও ছবিগৃহত শিল্পীগৰাকীলৈ শ্রদ্ধা জনোৱা হয়। বৰপেটা জিলাতো পুৱাই অনুৰাগীসকলে ছবিখন উপভোগ কৰিবলৈ ছবিগৃহসমূহত ভিৰ কৰে। ছবিগৃহত শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত শীর্ষক গীতটো গাই দর্শকসকলে প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধা জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।