ৰাজ্যত পহিলা জানুৱাৰীত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ পৰিবহণ নিগমৰ বাছ আস্থানত এখন সজাগতা সভা অনুষ্ঠিত হয়। পথ সজাগতাৰ উদ্দেশ্যে সভাত এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয়। শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু উজনি অসম বাছ মালিক সন্থাৰ উদ্যোগত আয়োজিত এই পথ সজাগতা সভাত পৰিবহণ মন্ত্রী যোগেন মহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে যান-বাহন চলাওঁতে যাৱতীয় নিয়ম মানি চলাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰে পথ সুৰক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এইবেলি নৱবৰ্ষ উদযাপনৰ লগতে মাঘ বিহুৰ সময়ত পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ বিশেষভাৱে সফল হৈছে। পথ দুৰ্ঘটনাত কোনো লোক আহত হ’লে চৰকাৰে চিকিৎসাৰ বাবে খৰচ বহন কৰে বুলিও শ্ৰী মহনে এই সভাতে সদৰী কৰে।
Site Admin | January 20, 2025 8:18 PM | road sefety sivasagar awarness camp
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি শিৱসাগৰৰ পৰিবহণ নিগমৰ বাছ আস্থানত সজাগতা সভা
