ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 20, 2025 8:22 PM | Riyan Parag

printer

ৰিয়ান পৰাগক আই পি এল টি-২০ ত দলৰ প্ৰথম তিনিখন খেলৰ অধিনায়কৰ দায়িত্ব

ক্ৰিকেটাৰ ৰিয়ান পৰাগে আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত নেতৃত্ব বহন কৰিব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই অনুসৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৬ মাৰ্চত আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৩০ মাৰ্চত হ’বলগীয়া খেলকেইখনত ৰিয়ানে অধিনায়কৰ দায়িত্ব পালন কৰিব।

উল্লেখযোগ্য যে, আই পি এলৰ অষ্টাদশ সংস্কৰণৰ প্ৰতিযোগিতা অহা ২২ মাৰ্চত আৰম্ভ হ’ব। কলকাতা ইডেন গার্ডেনছত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ, ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।