হিমালয়ৰ উৎস অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত উত্তৰ বংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানৰ কবলত পৰিছে। তিস্তা আৰু তৰ্ছা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰে’ল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিকিম আৰু দাৰ্জিলিঙত প্ৰৱল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে ২৩জন লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ বংগৰ মিৰিকত উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনা বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষী বাহিনীৰ লোকক নিয়োজিত কৰা হৈছে। অসমকে ধৰি বিভিন্ন অঞ্চলৰ পৰা মিৰিকলৈ যোৱা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে দিনে-নিশাই অভিযান চলাই থকা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত শিলিগুৰি আৰু দাৰ্জিলিঙৰ মাজৰ ১১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি পুৱাৰ ভাগত আংশিকভাৱে মুকলি কৰা হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে আজি উচ্চপদস্থ বিষয়াসকলৰ সৈতে দার্জিলিং অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব। ৰাজ্যখনৰ ৰাজ্যপাল চি বি আনন্দ বোসেও দার্জিলিং ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। উত্তৰ বংগত হোৱা প্ৰৱল বানপানীৰ ফলত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৯খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে। এই ৰে’লগাড়ীকেইখনৰ ভিতৰত আনন্দ বিহাৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা ১৫৬২২ নম্বৰৰ সাপ্তাহিক এক্সপ্ৰেছ ৰে’লগাড়ী আৰু তিনিচুকীয়া-অমৃতসৰৰ মাজত চলাচল কৰা ১৫৯৩৪ এক্সপ্ৰেছ, ১৯৩০৬ কামাখ্যা-৬০ আম্বেদকাৰ নগৰ এক্সপ্ৰেছ, ১৫৭০৩ নিউ জলপাইগুৰি-বঙাইগাঁও এক্সপ্ৰেছ আৰু ৭৫৭২৫ শিলিগুৰি-বঙাইগাঁও এক্সপ্ৰেছ কেইখনো আছে। আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ পৰা দেশৰ বাকী অংশলৈ চলাচল কৰা কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ীৰ যাত্ৰাপথৰ সালসলনি ঘটোৱা হৈছে।
Site Admin | October 6, 2025 2:10 PM | rivers in North Bengal and Sikkim swelling with frothy foam | Sikkim flood
হিমালয়ত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমত অভূতপূৰ্ব বান
