ডাউনলোড
মোবাইল এপ

android apple
signal

March 17, 2025 5:40 PM | River dolphin

printer

শিহুৰ জৰীপত সমগ্ৰ দেশৰ ভিতৰতে অসম অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত

দেশৰ প্ৰথমটো বিস্তৃত শিহুৰ জৰীপত সমগ্ৰ দেশতে মুঠ ৬ হাজাৰ ৩২৭টা শিহু অৱস্থিতিৰ অনুমান কৰা হৈছে। শেহতীয়াকৈ গুজৰাটৰ জুনাগড়ত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি নদী ডলফিন হিচাপে জনাজাত শিহুৰ ৬৩৫টাৰ অৱস্থিতি অসমৰ ৫ খন নদীত দেখিবলৈ পোৱা গৈছে। এই সমীক্ষা অনুসৰি অসম, এইবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু ব্ৰহ্মপুত্ৰত ইয়াৰ অৱস্থিতি সুস্থিৰ তথা নিৰাপদ। প্রজেক্ট ডলফিনৰ অধীনত কৰা এই সমীক্ষাত অসমৰ নদী ব্যৱস্থা লক্ষ্যভিত্তিত সংৰক্ষণ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে ।

 

অধিক পঢ়ক

সকলো চাওক