ডাউনলোড
মোবাইল এপ

android apple
signal

বেংককত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰিতিকাৰ সোণৰ পদক

১৯ আৰু ২২ বছৰ অনূৰ্ধ্ব এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৮০ কিলোগ্রাম ঊৰ্ধ্বৰ শাখাত ৰিতিকাৰ সোণৰ পদক জয়েৰে ভাৰতে সফলতাৰে নিজৰ অভিযান সামৰিছে। বেংককত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে দুয়োটা বয়সৰ শাখাতে মুঠ ২৭টা পদক অৰ্জন কৰে। ১৯ বছৰ অনূৰ্ধ্ব দলটোৱে তিনিটা সোণ, ৭টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ১৪টা পদকেৰে প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰে। ভাৰতীয় দলটো কেৱল এটা সোণৰ পদকৰ বাবে উজবেকিস্তানৰ পিছ পৰি থাকে। আনহাতে ২২ বছৰ অনূৰ্ধ্ব দলটো এটা সোণ, চাৰিটা ৰূপ আৰু ৮টা ব্ৰঞ্জসহ মুঠ ১৩টা পদকেৰে চতুৰ্থ স্থানত থাকে। ইয়াৰ পূৰ্বে চলিত বৰ্ষত ভাৰতৰ ১৫ আৰু ১৭ বছৰ অনূৰ্ধ্ব দল দুটাই এছিয়ান চেম্পিয়নশ্বিপত মুঠ ৪৩টা পদক লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।