March 28, 2025 7:08 PM | Ritika huda

printer

ৰিতিকা হুদা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰিতিকা হুদাই জৰ্দানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি ৰিতিকাই জাপানৰ নদোক য়ামামতোক পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিগিস্তানৰ আইপেৰী মেডেট কিজিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।