সন্ত্রাসবাদেই হওক বা অশান্তি বিয়পোৱা মাওবাদী কাৰ্যকলাপৰ ক্ষেত্ৰতেই হওক নৰেন্দ্ৰ মোদী চৰকাৰে শূন্য সহনশীল নীতি গ্রহণ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্রী মোদীয়ে উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ- পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয় বুলি মন্তব্য কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বর্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলক তেওঁ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ মূল ছাবিকাঠি বুলিও উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্র্যময় অঞ্চল হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এই বিচিত্ৰতাই ভাৰতৰ প্ৰধান শক্তি।
এই সন্মিলনতে শ্রী মোদীয়ে কয়, যে ইষ্ট অর্থাৎ পূব মানে এমপাৱাৰ বা সৱলীকৰণ, শক্তি আৰু পৰিৱৰ্তন। তেওঁ এই কথাও আঙুলিয়াই দিয়ে যে, উত্তৰ-পূৰ্বাঞ্চলক এসময়ত সীমান্ত অঞ্চল বুলিও কোৱা হৈছিল। কিন্তু এতিয়া এই অঞ্চল বিকাশৰ দিশে খৰতকীয়াকৈ আগবঢ়া অঞ্চল হিচাপে পৰিগণিত হৈছে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক পৰ্যটনৰ ৰম্যভূমি বুলি উল্লেখ কৰি কয়, যে এই অঞ্চল গোলকীয় সন্মিলন, সংগীত সন্মিলন আৰু আকৰ্ষণীয় বিবাহৰ স্থান হিচাপে পৰিগণিত হোৱাৰ থল আছে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চল জৈৱ অৰ্থব্যৱস্থা আৰু বাঁহ উদ্যোগ, চাহৰ উৎপাদন আৰু পেট্ৰ’লিয়াম, ক্ৰীড়া আৰু দক্ষতা তথা পৰিবেশ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে উদ্ভাসিত হৈ উঠিছে। শ্রীমোদীয়ে কয় যে পূৰ্বে উত্তৰ পূৰ্বাঞ্চলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও এতিয়া বিভিন্ন সুযোগ-সুবিধাৰে পৰিপূৰ্ণ অঞ্চললৈ পৰিৱৰ্তিত হৈছে। তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ আৰু অসম ভূপেন হাজৰিকা সেঁতুৰ দৰে প্ৰকল্পসমূহত হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ লগতে প্রধানমন্ত্রীয়ে বিগত দশকসমূহত লাভ কৰা সফলতাসমূহৰ বিষয়ে আলোকপাত কৰি ১১ হাজাৰ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ, নতুন ৰে’লপথৰ সম্প্ৰসাৰণ, বিমান বন্দৰৰ সংখ্যা দুগুণ কৰা, ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ জলপথৰ বিকাশ তথা শতাধিক মোবাইল টাৱাৰ স্থাপনৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ উদ্যোগসমূহলৈ নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিত কৰাৰ অৰ্থে এহেজাৰ ৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-পূব গেছ গ্রীড স্থাপনৰ বিষয়েও জানিবলৈ দিয়ে। প্রধানমন্ত্ৰীয়ে ভাৰত মণ্ডপমত শেহতীয়াকৈ অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ বিষয়ে স্মৰণ কৰাৰ লগতে আজিৰ অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ এক মহোৎসৱ হিচাপে পৰিগণিত হ’ব বুলি সজোৰে মত প্ৰকাশ কৰে। এই সন্মিলনত বিভিন্ন উদ্যোগৰ নেতাসকলৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰাৰ লগতে এই অঞ্চলত উপলব্ধ সুযোগ-সুবিধাসমূহে উৎসাহৰ পৰিবেশ সৃষ্টি কৰিছে বুলিও কয়। শ্রীমোদীয়ে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰক বিনিয়োগৰ অনুকূল পৰিবেশ গঢ়ি তোলাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
এই সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে কাম কৰি আহিছে। তেওঁ কয়, যে এই অঞ্চলটোত বৰ্তমান ১৭ টা বিমান বন্দৰ আছে। য’ত দুহেজাৰতকৈও অধিক বিমানৰ দৈনিক আহ-যাহ হয়। তেওঁ উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ-পূব এছিয়াৰ আন্তৰ্জাতিক কৰিড’ৰ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰে। দুদিনীয়া এই সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰি বিশ্ব আৰু ঘৰুৱা বিনিয়োগৰাকীসকলক আকৰ্ষণ কৰা। এই দুদিনীয়া সন্মিলনত মন্ত্ৰী পৰ্যায়ৰ সত্ৰ, বৈঠক, ষ্টার্টআপ তথা বিনিয়োগত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। সন্মিলনত ঘাইকৈ পৰ্যটন, আতিথ্য, কৃষি খাদ্য প্ৰসংস্কৰণ আৰু আনুষংগিক খণ্ড, বস্ত্রশিল্প, হস্ততাঁত, হস্তশিল্প, স্বাস্থ্য সেৱা, শিক্ষা আৰু দক্ষতা বিকাশ, তথ্য প্রযুক্তি, আন্তঃগাঁথনি, পৰিবহন, শক্তি, মনোৰঞ্জন আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিনিয়োগৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ’ব।