ডাউনলোড
মোবাইল এপ

android apple
signal

নাগপুৰত সংঘটিত হিংসাত্মক ঘটনাত ক্ষতি হোৱা সম্পত্তিৰ মূল্য সংঘৰ্ষত লিপ্ত লোকৰ পৰা আদায় কৰা হ’বঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে নাগপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ক্ষতি হোৱা সম্পত্তিৰ মূল্য, সংঘৰ্ষত লিপ্ত লোকৰ পৰা আদায় কৰা হ’ব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ধন আদায় নিদিয়া লোকসকলৰ সম্পত্তি জব্দ কৰি বিক্ৰী কৰা হ’ব বুলি সকীয়াই দিছে। মুখ্যমন্ত্রী ফাড়নবিছে নাগপুৰৰ হিংসা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকৰ অন্তত আজি নাগপুৰত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ক্ষতিপূৰণ ৩-৪ দিনত আদায় দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে নাগপুৰৰ কেতবোৰ বলৱৎ হৈ থকা সান্ধ্য আইন শিথিল কৰাৰ বাবে চেষ্টা চলাই আছে। ধর্মীয় প্রতীক জ্বলোৱা বুলি উঠা অভিযোগক লৈ সোমবাৰে নিশা নাগপুৰত সূত্ৰপাত হোৱা এই হিংসাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঘটনাৰ সৈতে জড়িত ১০৪ জন লোকক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ভিতৰত ৯২ গৰাকী প্ৰাপ্তবয়স্ক আৰু ১২ গৰাকী নাবালক আছে। এই লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীফাড়নবিছে কয় যে অভিযুক্তসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। গুড়ি পড়ৱাৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত নাগপুৰ ভ্ৰমণ পৰিপ্ৰেক্ষিতত শ্ৰীফাড়নবিছে প্রধানমন্ত্ৰীৰ ভ্ৰমণত কোনো বাধা নাহে বুলি স্পষ্ট কৰি দিয়ে। ইপিনে, নাগপুৰৰ হিংসাত্নক ঘটনাত আহত ৪০ বছৰীয়া ইৰফান আৰ্চাৰী নামৰ লোকজনৰ আজি চিকিৎসাৰ সময়ত দেহাৱসান ঘটে।

অধিক পঢ়ক

সকলো চাওক