ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি, উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি তথা অন্যান্য উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীসভাৰ বৈঠকত ধেমাজি জিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ঘোষণাসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি জিয়াধল, মৰিধল, গাইনৈৰ সুঁতিয়ে সৃষ্টি কৰা বান পৰিস্থিতি, ধেমাজি নগৰত সন্মিলন কেন্দ্ৰ নির্মাণ, নলা-নর্দমা নির্মাণ, ধেমাজি আৰু গোগামুখ চক্ৰত সীমা সমস্যা সমাধানকে ধৰি বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত লোকনির্মাণ, জলসম্পদ, গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা, শক্তি, স্বাস্থ্য, কৃষিকে ধৰি বিভিন্ন বিভাগৰ অধীনত চলি থকা আন্তঃগাঁথনিমূলক প্রকল্পৰো অগ্ৰগতিৰ বুজ লয়। ইয়াৰ লগতে জোনাইৰ পৰা মাজুলীলৈ পথযুক্ত মথাউৰিৰ উন্নীতকৰণ, অসম মালা আঁচনিৰ অধীনত বিভিন্ন পথ নিৰ্মাণ আৰু মুখ্যমন্ত্রী উন্নত পকীপথ নির্মাণ আঁচনি ৰূপায়ণৰো তেওঁ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ধেমাজিত চিকিৎসা মহাবিদ্যালয় তথা হাস্পতাল, সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ ভৱন আৰু সংহত ক্রীড়া প্ৰকল্পকে ধৰি কাম-কাজ চলি থকা আঁচনি আৰু প্ৰকল্পসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। এই বৈঠকত মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাৰ উপৰি শীৰ্ষ প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।