কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মহাযোগ সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে পর্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্রীদাসে দেশী-বিদেশী অগণন ভক্তৰ সমাগম হ’বলগীয়া অম্বুবাচী মহাযোগ শৃংখলাবদ্ধভাবে পৰিচালনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। অম্বুবাচী মহাযোগত অংশগ্রহণ কৰিবলৈ অহা ভক্তসকলৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰীদাসে কয়, যে এই সমগ্র বিষয়টো আলোচনাৰ বাবে কামাখ্যা মন্দিৰৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দল- সংগঠনসমূহক আলোচনাৰ বাবে আমন্ত্রণ জনোৱা হৈছে। শ্ৰী দাসে এই সময়ছোৱাত সমদল উলিয়াই আধ্যাত্মিক পৰিৱেশ বিনষ্ট নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। মন্ত্রীগৰাকীয়ে লগতে অম্বুবাচী মহাযোগৰ সময়ত জোতা-চেণ্ডেল পৰিধান কৰি মা কামাখ্যা মন্দিৰলৈ নাযাবলৈও ৰাইজক আহ্বান জনায়। অম্বুবাচীৰ সময়ত কোনোধৰণৰ ভি আই পি পাছৰ কোনো ব্যৱস্থা নাথাকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷
কামাখ্যাত অম্বুবাচী মহাযোগ সূচাৰুৰূপে পৰিচালনা কৰা সন্দৰ্ভত পর্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক
