খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ জমা দিয়াৰ সময়সীমা ২১ অক্টোবৰলৈ বৃদ্ধি

ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰসমূহ জমা দিয়াৰ শেষ সময়সীমা ২১ অক্টোবৰলৈ বৃদ্ধি কৰিছে। বহু লোকে দুর্গা পূজাৰ বন্ধৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত প্ৰ-পত্ৰসমূহ জমা দিব নোৱৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদন সাপেক্ষে কালি এই সিদ্ধান্ত লোৱা হয় বুলি বিভাগীয় মন্ত্ৰী ৰণজিৎ দাসে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আয়ৰ নথি-পত্ৰৰ ক্ষেত্ৰত বিভাগীয় লোকসকলক সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। ৰাজ্যৰ ১০ লাখ দুখীয়া লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে আয়ুষ্মান আৰু অৰুণোদয় কার্ড লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।