ডাউনলোড
মোবাইল এপ

android apple
signal

বেংকত বন্ধ হৈ থকা একাউণ্ট-গৰাকীবিহীন জমা ধনৰ একাউণ্ট সক্রিয়ৰ বাবে কে ৱাই চি আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ আৰ বি আইৰ নির্দেশ

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) বন্ধ হৈ থকা একাউণ্ট আৰু গৰাকীবিহীন জমা ধনৰ একাউণ্ট সক্রিয় কৰাৰ বাবে সকলো শাখাতে কে ৱাই চি আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ সকলো বেংকক নির্দেশ দিছে। আৰ বি আয়ে কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে কয়, যে বেংক সমূহে ভিডিঅ’ গ্রাহক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ মাজৰেও এনে একাউণ্টৰ ধনৰাশিৰ বাবে কে ৱাই চি আপডেটৰ সুবিধা প্ৰদান কৰিবলৈ চেষ্টা চলোৱা উচিত। ইয়াৰ উপৰি বেংকসমূহক বন্ধ হৈ থকা একাউণ্টসমূহ সক্ৰিয় কৰাৰ বাবে প্ৰাধিকৃত বেংকিং সেৱা প্ৰতিনিধিৰ সহায় ল’বলৈ কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক