January 25, 2025 8:04 PM | Republic day medels

printer

অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে দেশৰ বহুকেইগৰাকী আৰক্ষী বিষয়া তথা জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। কেইবাখনো ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াৰ লগতে উল্লেখনীয় সেৱা আগবঢ়োৱাৰ বাবে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ আন ১৬ গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। এইসকল বিষয়া জোৱানৰ মাজত আছে- আৰক্ষী মহাপৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লেটুন কমাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, উপ আৰক্ষী অধীক্ষক উপেন কলিতা, উপ-পৰিদৰ্শক খগেন্দ্ৰ ৰয়, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক চিত্ৰমোহন ৰাভা, সহকাৰী উপ-পৰিদৰ্শক হেমেন ভূঞা, পৰিদৰ্শক বলোৰাম চাওদাং, হাবিলদাৰ হেৰেম্ব নাথ, উপ-পৰিদৰ্শক বিবেকানন্দ শৰ্মা, সহকাৰী উপ-পৰিদৰ্শক বিষ্ণুপ্ৰসাদ চেত্ৰী, হেড কণিষ্টবল দীপক কাকতি আৰু শংকু চৌধুৰী, নায়ক বাপধন ৰাজবংশী আৰু কণিষ্টবল গজেন মৰাণ।