দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে নতুন দিল্লীৰ কৰ্তব্য পথত প্রস্তুতি অব্যাহত আছে। এই পেৰেডত দেশৰ বাৰেৰহনীয়া সংস্কৃতি, সামৰিক পৰাক্ৰম আদি প্রদর্শন কৰা হ’ব। সশস্ত্র বাহিনীসমূহৰ লগতে বিভিন্ন ৰাজ্যৰ শক্তি আৰু সংস্কৃতিক প্রতিফলিত কৰা নির্বাচিত প্রতীকপটসমূহো এই পেৰেডত প্ৰদৰ্শন কৰা হ’ব। নতুন দিল্লীত কালি বৰষুণৰ মাজতো গণৰাজ্য দিৱসৰ পেৰেডৰ পূৰ্ণাংগ অনুশীলন কৰা হয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সেনা বাহিনীসমূহৰ মুৰববী মেজৰ জেনেৰেল নৱৰাজ ধীল্লনে কয়, যে এইবাৰৰ গণৰাজ্য দিৱস ভাৰতীয় সেনাই দেশৰ পৰাক্ৰম আৰু বিজয়ক প্রতিফলিত কৰি অপাৰেচন সিন্দুৰ প্ৰতীকপট প্ৰদৰ্শন কৰিব। তেওঁ কয়, যে লেফটেনেন্ট জেনেৰেল ভবনীশ কুমাৰে চতুৰ্থবাৰৰ বাবে এই পেৰেডত নেতৃত্বত দিব। পেৰেডত প্রায় ৬ হাজাৰ ৫০ সেনা বিষয়াই ভাগ ল’ব বুলি তেওঁ জানিবলৈ দিয়ে। মেজৰ জেনেৰেল ধীল্লনে লগতে কয়, যে লাডাখ স্কাউটছৰ লগতে ভৈৰৱ বেটেলিয়ান আৰু শক্তিবাণ ৰেজিমেন্টে প্রথমবাৰৰ বাবে এই পেৰেডত ভাগ ল’ব।
Site Admin | January 24, 2026 12:03 PM | 77th Republic Day
নতুন দিল্লীৰ কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ প্রস্তুতি অব্যাহত