January 23, 2026 7:53 PM | operation sindoor

printer

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ বিষয়ক প্রতীকপট প্ৰদৰ্শন

ভাৰতীয় সেনাই ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ‘অপাৰেচন সিন্দুৰ’ বিষয়ক প্রতীকপট প্ৰদৰ্শন কৰিব। এই প্রতীকী পটে দেশৰ বিজয়গাঁথাৰ লগতে এই অভিযানৰ সময়ত স্থল, নৌ আৰু বায়ু সেনাৰ একত্ৰিত অভিযানৰ শক্তিক প্ৰদৰ্শন কৰিব।

আজি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দিল্লী অঞ্চলৰ দায়িত্বত থকা মেজৰ জেনেৰেল নৱৰাজ ধিলোনে কয় যে ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে ‘বেটল এৰে ফর্মেশ্যন’ (Battle Array Formation) প্ৰদৰ্শন কৰিব, য’ত টেংক, ক্ষেপনাস্ত্র ব্যৱস্থা, ড্রোন আদিৰে সৈতে সমন্বিত কৌশল দেখুওৱা হব। লেফটেনেন্ট জেনেৰেল ভৱনীশ কুমাৰে চতুৰ্থবাৰৰ বাবে কুচকাৱাজৰ নেতৃত্ব দিব বুলিও তেওঁ জানিবলৈ দিয়ে।

এইবাৰৰ কুচকাৱাজত প্রায় ৬ হেজাৰ ৫০ জন সেনা জোৱানে অংশগ্ৰহণ কৰিব।

মেজৰ জেনেৰেল ধিলোনে লগতে কয় যে লাডাখ স্কাউটছৰ লগতে ভৈৰৱ বেটেলিয়ান আৰু শক্তিবাণ ৰেজিমেন্টেও পোনপ্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশ ল’ব। তদুপৰি সেনাবাহিনীৰ উট আৰু অশ্বাৰোহী বাহিনীয়েও পোনপ্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল’ব।

এয়াৰ কমোডৰ মনিষ সভৰৱালে প্ৰকাশ কৰা মতে ‘অপাৰেচন সিন্দুৰ’ৰ প্রতীক পটত এখন Su-30 যুঁজাৰু বিমানৰ পৰা ব্রাহ্মদ ক্ষেপনাস্ত্র উৎক্ষেপণ প্ৰদৰ্শন কৰা হ’ব, যিয়ে পাকিস্তানৰ এটা বিমান ঘাটি ধ্বংস কৰিছিল।

ইয়াত S-400 ৰ দৰে আকাশী প্ৰতিৰক্ষা ব্যৱস্থাও প্ৰদৰ্শন কৰা হ’ব, যিয়ে বিশ্বৰ সৰ্বাধিক দূৰত্বৰ পৰা পাকিস্তানৰ বায়ু সেনাৰ এখন বিমান ধ্বংস কৰিছিল। এয়াৰ কমোডৰগৰাকীয়ে কয় যে এই প্ৰদৰ্শনীৰ জৰিয়তে একেলগে যুঁজ দিলে নিশ্চিত বিজয় লাভৰ সংকল্পক পুনৰবাৰ প্ৰতিষ্ঠা কৰা ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।