January 23, 2026 7:04 PM | Republic Day

printer

সমাগত গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড়ত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্রস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পতাকা উত্তোলন কৰাৰ কথা। ইয়াৰ বাবে দিনে-নিশাই প্রস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। তদুপৰি জিলা প্রশাসনে ২৫ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ২৭ জানুৱাৰীৰ দিনৰ ১২ বজালৈ ডিব্ৰুগড় পৌৰ নিগম এলেকাৰ ভিতৰত আৰু খনিকৰ চাৰিআলিৰ পৰা ডিব্ৰুগড় চহৰলৈ ডাম্পাৰ, নিৰ্মাণ সামগ্রী সৰবৰাহ কৰা যান-বাহন তথা অন্যান্য গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে।

ধেমাজিৰ সদৰৰ ঐতিহাসিক কাছাৰী ময়দান প্রাঙ্গনত দৈনিক কুচকাৱাজৰ অনুশীলন অব্যাহত আছে। এইবেলি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৩২টা দলে অংশ লোৱাৰ কথা।

হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্ততো সমাগত গণৰাজ্য দিৱস উপলক্ষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যে সকলো পদক্ষেপ গ্রহণ কৰিছে। তদুপৰি অসম-মেঘালয় সীমান্তৱর্তী অঞ্চলসমূহত মেঘালয়ৰ পৰা প্ৰবেশ কৰা প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে।