January 23, 2026 6:43 PM | 77th Republic Day

printer

ৰাজ্যৰ বিভিন্ন জিলাত সমাগত গণৰাজ্য দিৱসৰ প্রস্তুতি

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পতাকা উত্তোলন কৰাৰ কথা। ইয়াৰ বাবে দিনে-নিশাই প্রস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচকাৱাজৰ অনুশীলন আৰম্ভ হৈছে। কালি জিলাখনৰ ৭ খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ লগতে আৰক্ষী জোৱানে কুচকাৱাজৰ অনুশীলনত ভাগ লয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্রবর্তীয়ে অনুশীলন প্রত্যক্ষ কৰাৰ লগতে যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সেইদিনা জিলা প্রশাসনিক বিষয়া আৰু সংবাদ মাধ্যমৰ লোকৰ মাজত এখন প্রীতি ক্রিকেট খেলৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীৰ কৰ্তব্যপথত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত প্ৰদৰ্শন কৰা হ’ব। ময়ূৰপংখীৰূপত এই শিল্প আটকধুনীয়াকৈ প্রদর্শন কৰা হ’ব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।